top of page

"জনিত্ৰীৰ দ্বাৰা মাতৃদিৱস পালন"

Writer: Rumi BorahRumi Borah


"জনিত্ৰী" হৈছে এনেকুৱা এটা সংগঠন য'ত মাতৃ আৰু মাতৃহৃদয়ৰ লোকসকলক এনে এখন প্লেটফৰ্ম দিয়া হয় যাৰ যোগেদি নিজকে বিচাৰি পাবলৈ, নিজৰ ভিতৰত থকা অসীম শক্তিক চিনি পাবলৈ সহায় কৰা হয় আৰু দয়া, সহানুভূতিৰে এখন সুন্দৰ পৃথিৱী গঢ়াৰ লক্ষ্য লোৱা হয়৷ শিক্ষা, স্বাস্থ্য আৰু নাৰীশক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰি সুখী মাতৃসকলৰ সৈতে লগলাগি মাতৃদিৱস উপলক্ষে জনিত্ৰীয়ে ৯ মে' পৰা ৩১ মে'লৈকে ৱেবিনাৰ আদি মাধ্যমৰ যোগেদি বিভিন্ন ধৰণৰ কাৰ্যপন্থা হাতত লৈছে৷

নিসন্দেহে নাৰীয়ে নেতৃত্ব ল'ব পৰাটো অতিশয় গুৰুত্বপূূৰ্ণ কথা৷ নাৰী মহিমাময়ী,দয়াশীলা,ৰচনাত্মক গুণেৰে বিভূষিতা৷ এগৰাকী মাতৃয়ে এখন ঘৰ,এটি পৰিয়াল পৰিচালনা কৰে৷ "জনিত্ৰী"তো নাৰীৰ সেই প্ৰতিবিম্বিত ৰূপ দেখিবলৈ পোৱা যায়৷

এগৰাকী নাৰীয়ে এন্ট্ৰাপ্ৰেনিয়ৰশ্চিপ জগতত খোজ দি অসাধাৰণ প্ৰতিভা, ৰচনাত্মক দৃষ্টিভংগীৰে কৰ্ম-কুশলতাৰ সমাধানৰ পথৰ সন্ধান দিব পাৰে৷ জনিত্ৰীয়ে আগবঢ়োৱা নাৰী এন্ট্ৰাপ্ৰেনিয়ৰশ্চিপ ৱৰ্কশ্বপসমূহ হ'ল - শাৰীৰিক স্বাস্থ্য, ষ্টাৰ্টআপ, নাৰীৰ অৰ্থনৈতিক সবলীকৰণ, টীম গঠন, ৰচনাত্মকতা আৰু কাৰ্যকুশলতা, ভ্ৰমন ব্যৱসায়, কেক বনোৱা ৱৰ্কশ্চপ ইত্যাদি৷

"মাতৃদিৱস উপলক্ষে আমি গোটেই মাহটো মাতৃসকলৰ উদ্দেশ্যে ৱৰ্কশ্বপৰ জড়িয়তে বিভিন্ন কাৰ্যপন্থা হাতত ল'বলৈ পায় অতিশয় সুখী হৈছো আৰু মই ভাবো যে সকলো মাতৃ আৰু জনিত্ৰীয়ানসকল ইয়াৰ দ্বাৰা উপকৃত হ'ব৷ লগতে জনাব বিচাৰোঁ যে আমি ৫০ গৰাকী মাতৃক ডিজিটেল মাধ্যমৰ যোগেদি সন্মান জনাম৷" -- সফল মমপ্ৰেনিয়ৰ শ্ৰীযুতা ৰুমী বৰাই কয়৷

"জনিত্ৰীৰ জড়িয়তে নাৰীসকলক প্ৰকৃত শিক্ষা আৰু সুস্বাস্থ্যৰে সফলতাৰ পথ দেখুওৱা হ'ব৷ এই মাতৃদিৱসত চলিত ৱৰ্কশ্বপসমূহৰ জড়িয়তে নাৰীসকলৰ ভিতৰত থকা অসীম শক্তিক বুজাবলৈ যত্ন কৰা হ'ব৷ - জনিত্ৰী টীমৰ শ্ৰীযুতা বন্দনা তেজীয়ে এনেদৰে কয়৷

"জনিত্ৰীৰ জড়িয়তে আমাৰ লক্ষ্য হৈছে যিমান সম্ভৱ মাতৃসকলৰ কাষলৈ যোৱা আৰু তেওঁলোকৰ শাৰীৰিক আৰু মানসিক সুস্থতাৰ বাবে স্বাস্থ্যকৰ তথা সুস্থ পৰিৱেশ প্ৰদান কৰা৷ জনিত্ৰীয়ে মাতৃদিৱসত নাৰীসকলক তেওঁলোকৰ স্বাস্থ্যকৰ আৰু সুস্থ জীৱনপ্ৰণালীৰ কাহিনী শুনাবৰ বাবে আগবাঢ়ি আহিবলৈ প্ৰেৰণা আৰু সাহস দিব৷ -- আহম আৰোগ্যমৰ ড৹শক্তিয়ে এনেদৰে কয়৷

"সন্তানৰ লক্ষ্যসমূহ পূৰণ কৰাৰ কামত লাগি থাকোতে এগৰাকী মাতৃয়ে নিজৰ ইচ্ছা,সপোন আদি পাহৰি যায়৷এগৰাকী মাতৃয়ে সন্তানক সিহঁতৰ ভাললগা খাদ্য ৰান্ধি খুৱায় আৰু নতুন নতুন কাহিনী কয়৷ মাতৃ এগৰাকীয়ে সন্তানৰ স্কুলৰ প্ৰজেক্ট বনোৱাত আৰু পঢ়াশুনাত সন্তানক সহায় কৰে৷ মাতৃয়ে সন্তানক চৰিত্ৰৱান,নীতি আদৰ্শ,মানৱীয়তা আদি গুণৰ শিক্ষা প্ৰদান কৰে৷ প্ৰতিগৰাকী মাতৃ সন্তানৰ বাবে আটাইতকৈ আদৰ্শৱান মাতৃ হয়৷ সেয়ে মাতৃদিৱসত সেইসকল মাতৃলৈ আন্তৰিক অভিনন্দন থাকিল যিসকল মাতৃয়ে নিজৰ সন্তানক জীৱনৰ বাটত আগবাঢ়ি যাবলৈ শক্তি,সাহস আৰু পথ দেখুৱাইছে৷ -- জনিত্ৰী টীমৰ অনুশ্ৰী ভট্টাচাৰ্যই কয়৷

""ভৱতীৰ" যোগেদি মাতৃ আৰু নাৰীৰ সবলীকৰণৰ কামত আগভাগ লোৱা হৈছে৷ নাৰীসকলে যাতে নিজৰ ভিতৰৰ শক্তিক বুজি পায় আৰু এগৰাকী সঁচা নেতৃত্বৰ অধিকাৰীৰূপে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিব পাৰে৷ জনিত্ৰীয়ে মাতৃ আৰু নাৰীসকলক "ভৱতী"ৰ সৈতে হাতত ধৰি আগবাঢ়ি আহিবলৈ আহবান জনাইছে৷" - ৰেখা পাণ্ডেই কয়৷

"মাতৃত্ব এটা কঠিন কাম কিন্তু ই এটা পৰমানন্দৰ অনুভূতি" -ড৹ ৰেইনা খত্ৰী টেন্ডনে কয়৷ তেওঁ পুনৰ কয় যে - "নতুন জীৱন গঢি সঠিক দিশত লৈ যোৱা কামটো কলা আৰু কুশলতাৰ অৰ্ন্তভূক্ত৷ মই সদায়ে শ্ৰেষ্ঠ অভিভাৱক আৰু উৎসৰ্গিত মাতৃ হ'বলৈ চেষ্টা কৰি আহিছো৷কিন্তু কেতিয়াবা মাজেসময়ে অসফল হওঁ তথাপি মাতৃত্বৰ এই সংগ্ৰাম অব্যাহত আছে৷

আগন্তুক মাতৃ দিৱসৰ প্ৰাক ক্ষণত “জনিত্ৰী অসম” তথা দেশৰ প্ৰতিগৰাকী মাতৃলৈ যাচিছোঁ মোৰ অলেখ শুভকামনা ৷জনিত্ৰীৰ মুখ্য উদ্দেশ্য মহিলা সৱলীকৰণ,সু-স্বাস্থ্য, শিশুৰ গুণগত শিক্ষাৰ লগত জড়িত হৈ আহক আমি সকলো মাতৃয়েই এখন সুস্থ সমাজ গঢ়োঁ আৰু শিৰ তুলি জীয়াই থকাৰ প্ৰয়াস কৰোঁ ৷ধন্যবাদ ৷- জনিত্ৰী অসমৰ সভানেত্ৰী ঊষাৰাণী দেৱীয়ে এনেদৰে কয়৷

"মাতৃদিৱস উপলক্ষে জনিত্ৰীয়ে লোৱা কাৰ্যপন্থাসমূহৰ শলাগ লৈছো আৰু জনিত্ৰীৰ এই মহান উদ্দেশ্য সফলতাৰে আগবাঢ়ি এজোপা বটবৃক্ষত পৰিণত হওক বুলি আশা কৰিছোঁ৷" - লেখিকা মৌচুমী বৰিয়ে এনেদৰে কয়৷

মাতৃ আৰু নাৰীসকল জৈৱিকভাৱেই দয়াশীলা,সাহসী আৰু পৰিচৰ্যাকাৰী৷ এগৰাকী নাৰীৰ নেতৃত্বশীলতাই পৃথিৱীখনক শান্তিপূূৰ্ণ,আনন্দময় আৰু সুস্বাস্থ্যকৰ কৰি তোলাত অৰিহনা যোগায়৷ জনিত্ৰীয়ে ভাৰতীয় নাৰী এন্ট্ৰাপ্ৰেনিয়ৰসকলক প্ৰশিক্ষণ আৰু ক'চিঙৰ জড়িয়তে তেওঁলোকৰ ব্যৱসায় যাত্ৰাত সফল হ'বৰ বাবে পৰিশ্ৰমী পদক্ষেপ লৈ আহিছে ৷ JNet Assam Vision

 
 
 

Comments


Our Publication

Queen of the Boardroom  Mastering Leadership with Grace.png
WhatsApp Image 2024-06-15 at 8.17.09 PM.jpeg
Mastering the Art of Entrepreneurial Sales.jpg
From Idea to Impact .jpg
SHE BUSINESS TIME -ISSUE 05-APRIL - MAY.jpg
_SHE BUSINESS TIME -ISSUE 04-DEC -JAN.jpg
Copy of SHE BUSINESS TIME -ISSUE 03-JULY _AUGUST.jpg
Copy of SHE BUSINESS TIME -ISSUE 02-APRIL.jpg

KRB's Impact Story

Contact Us

Join us to make a difference

Thanks for submitting!

ADDRESS

KRB Foundation Padumbari, Jalukbari,Guwahati,Assam -14

PHONE

91-8910037684

EMAIL

© 2023 by KRB Foundation. Proudly created with Mintlime

Go to Story tab to know more 

bottom of page